Rod Aji Keni Pau Lyrics By Zubeen Garg

Published on June 4, 2020

Song: Rod Aji Keni Pau (ৰ’দ আজি কেনি পাওঁ)

Singer: Zubeen Garg

Rod Aji Keni Pau Lyrics
Rowd Aji Keni Pau Lyrics

Rod Aji Keni Pau Lyrics:—

ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ
খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ
কোঠালি এৰি বাহিৰত পথ হেৰাওঁ
ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ…..



মন গ’লে মোৰ কাষলে
আহিবা এদিন অকলে
কিদৰে শোওঁ কিদৰে খাওঁ
চাই যাবা আহি নিৰলে
স্বপ্ন য’ত নাই জীৱনো নাই
আছে মাথোঁ নিৰাশাৰ ধোঁৱা
দিন বাগৰে ৰাতি বাগৰে
শেষ নহয় এন্ধাৰক লোৱা
কবিতা ৰাতি আজি মায়া হ’ল
মৰীচিকা খেদি ফুৰা শেষ নহ’ল
ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ……



অস্তবেলিৰ শেষ পোহৰে
কৈছিলে মোক কথাটি
কোনো সীমা নাই
কোনো শেষ নাই
উৰুঙা হ’ব যে পঁজাটি
অমানিসাৰ গান যিয়ে এবাৰ গায়
সৃষ্টি গুচি তাতে হ’ব প্ৰলয়
অগ্নিবীণাৰ তান উঠিবই
ত্রস্ত হ’ব সেই দিগবলয়
প্ৰভাতী পখীৰ আজি ডেউকা নাই
নিমগ্ন এন্ধাৰত আজি দিন হেৰায়……



ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ
খিৰিকি মেলি সমুখত আন্ধাৰহে পাওঁ
কোঠালি এৰি বাহিৰত পথ হেৰাওঁ
ৰ’দ… ৰ’দ আজি কেনি পাওঁ
ৰ’দ … ৰ’দ আজি কেনি চাওঁ…….