Assamese Lyrics
Moloyar Dupakhit Lyrics – Tanbeer Mashooq | Zubeen Garg Mashup
Song: Moloyar Dupakhit
Singer: Tanbeer Mashooq
![]() |
| Moloyar Dupakhit Lyrics |
Moloyar Dupakhit Lyrics:—
মলয়াৰ দু-পাখিত
মোৰ মনৰ বতৰা
পঠিয়ালোঁ তোমালে
তুমি আদৰি ল’বা
পালোঁ বতৰা
কি যে বুকু ভৰা
মোৰে মন বননিত
তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ
সুৰে সুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ
পাওঁ যেন কাষতে মোৰ
তেজে তেজে তুমি মোৰ
হোৱা যুৰিয়া
তুমি মোৰে
তুমি মোৰে যে
ক’ত জনমৰে মোৰ
আপোন যে
তুমি সুৱাস
তুমি সপোন
মোৰ আকাশৰে তুমি
পোহৰ যেন
মনে আজি পাখি মেলে
পছোৱা কিনো ৰঙে হিয়া ভৰে
মিঠা মিঠা আজি সপোনৰে
অজানিতে চোৱা মন ভৰে
দূৰণিৰে তৰাতিহে যেন
জ্বলিলেহি আজি মনে মনে
হৃদয়তো কি যে বুকু ভৰে
বুকু ভৰা বহু মৰমৰে
(Music)..
মই আছোঁ তোমাৰেই
দুচকুৰে পাহিতে
চাওঁ ৰোৱা দু-চকু জপাই
মতলীয়া বতাহে..
উৰি আহি কলে যে
পাহাৰৰে চুৰাকে
মেঘে মেঘে যাচেঁ হিয়াৰে আদৰ
জুৰিটিয়ে বেগেৰে
শিৰে শিৰে জঁপিয়াই
আবেগেৰে কৈ যায়
শুনা শুনা পিৰীতিৰ নাই ভাগৰ
আবেগৰ ৰাগি বতাহত উৰে চৌদিশে..
মই কিনো কৰোঁ
তুমি নাই মোৰ কাষতে..
বিচাৰিছোঁ কাষৰতে
সদায়ে তোমাক
হ’লাহি কি বুকুৰ আপোন
নকওঁ মই আনক
ফুলিব দিয়া তুমি মোৰে
অময়া মৰমক
নাচিব দিয়া দুচকুতে
তৰুণী হেঁপাহক
বিচাৰিছোঁ কাষৰতে
সদায়ে তোমাক
হ’লাহি কি বুকুৰ আপোন
নকওঁ মই আনক।
