Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics | Zubeen Garg

Published on February 3, 2020

Song Name: Aahe Ba Nahe (আহে বা নাহে)
Singer Name: Zubeen Garg
Album: Pakhi

Aahe Ba Nahe (আহে বা নাহে) Assamese Lyrics:—

আহে বা নাহে ঘূমতি
আহিবা ৰাতি,
সপোনকে লৈ….
সপোনকে লৈ….
থাকে বা নাথাকে
শাওঁনৰে ধল তুমি,
মৰমৰে নৈ…..
মৰমৰে নৈ…..
দুপাখি মেলি সমিৰে আহি,
দিয়ে বা নিদিয়ে,
ফাগুণৰে খবৰ,
তুমি ৰুৱা যেন মোলৈ,
আহে বা নাহে ঘূমতি,
আহিবা ৰাতি সপোনকে লৈ….  
চুৱে বা নুচুৱে নিয়ৰে….
শেৱালি পাহিতি শৰতে শৰতে,
নাচে বা নানাচে জোনাকি হৈ,
তুমি চোন নাচিবা ,
মোৰে হিয়াতে ৰৈ….
আহে বা নাহে ঘূমতি
আহিবা ৰাতি সপোনকে লৈ…..
জোৰে বা নোজোৰে বান্ধি লৈ,
কিনো মৰমৰে এনাজৰীকে পাওঁ,
বহে বা নবহে ফুলতে গৈ,
ৰঙিলী পখিলী তুমি ৰঙেৰে চৈ…..
আহে বা নাহে ঘূমতি
আহিবা ৰাতি,
সপোনকে লৈ…..
সপোনকে লৈ…..
থাকে বা নাথাকে
শাওঁনৰে ধল তুমি,
মৰমৰে নৈ…..
মৰমৰে নৈ…..
দুপাখি মেলি সমিৰে আহি,
দিয়ে বা নিদিয়ে,
ফাগুণৰে খবৰ,
তুমি ৰুৱা যেন মোলৈ,
আহে বা নাহে ঘূমতি
আহিবা ৰাতি সপোনকে লৈ….