Aami Nohou Mathu Lyrics | Assamese Songs | Bhupen Hazarika

Published on February 29, 2020

Song: Aami Nohou Mathu ( আমি নহওঁ মাথোঁ)

Singer: Bhupen Hazarika

Aami Nohou Mathu Lyrics
Aami Nohou Mathu Lyrics

Aami Nohou Mathu Lyrics:—

 আমি নহওঁ মাথোঁ ক্ৰন্দনৰত
গঢ়িম শক্তি সন্মিলিত
মানুহে মানুহে মিলি
মহাঅজগৰৰূপী
মহাবান্ধ সাজি সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম।

পাগলী পাগলী
দেওধনীজনীৰ
উলঙ্গ নৃত্যক সভ্য কৰিম
বিজ্ঞানেৰে দুৰ্ব্বাৰ গতিক
শক্তিত পৰিণত কৰি
আমিয়েই মানুহৰ
কল্যাণ ধৰালৈ আনিম।

মানুহে মানুহে মিলি
মহাঅজগৰৰূপী
মহাবান্ধ সাজি সাজি
পানীৰ ঔদ্ধত্যক
চূৰ্ণ কৰিম
মানুহৰ কল্যাণ
ধৰালৈ আনিম।
উত্তৰে পানী
দক্ষিণে পানী
পূবে পানী
পশ্চিমে পানী।