Bhupen Hazarika
Aji Botor Gabhoru (আজি বতৰ গাভৰু) | Lyrics In Assamese | Bhupen Hazarika
Song: Aji Botor Gabhoru (আজি বতৰ গাভৰু)
Singer: Bhupen Hazarika
![]() |
| Aji Botor Gabhoru Lyrics |
Aji Botor Gabhoru Lyrics:—
আজি বতৰ গাভৰু হʼল, প্ৰকৃতি নেথাকে শুই
আগেয়ে নেজানো
এতিয়া জানিলোঁ শৰীৰত একুৰা জুই ।
গা সিৰেসিৰায়, বুকু ধপেধপায়
মন হʼল বোঁৱতী নৈ –
পদুমৰ কলিটিৰ তত্ নাই গাত
ফুলোঁ নে নুফুলোঁকৈ
চাওঁচোন হাতেৰে চুই –
আগেয়ে নেজানো, এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই ।
লহ্পহ্ দেহাতে নিজেই ভোলে গʼলোঁ
মনৰে দাপোণত চাই
ভীমকল পুলি যেন চুবকে নোৱাৰি
চুলে হাত পিছলি যায়
কোনে জানো দিলেহি ৰুই ।।
আগেয়ে নেজানো এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই।
আকাশত ফুলিলে আকাশী চন্দ্ৰমা
সূৰুয, ভোমোৰাই চুমে-
মোৰো যে দেহাকে বতাহে চুমিছে
চন্দ্ৰই লাজতে জুমে ।
হাঁহিছে তগৰে যূঁই –
আগেয়ে নেজানো এতিয়া জানিলোঁ
শৰীৰত একুৰা জুই ।
