Bihure Birina (বিহুৰে বিৰিণা) | Lyrics In Assamese | Bhupen Hazarika

Published on February 21, 2020

Song: Bihure Birina (বিহুৰে বিৰিণা)

Singer: Bhupen Hazarika

Bihure Birina Lyrics
Bihure Birina Lyrics

Bihure Birina Lyrics:—

বিহুৰে বিৰিণা হে বৃটিছ ৰজা উঠি গʼল
পাতে সমনীয়া দেশৰ নেতা ৰজা হʼল
কথা :– তেতিয়া কি হʼল?
বিহুৰে বিৰিণা পাত হে
নয়া পইচা উলাই গʼল
বিহুৰে বিৰিণা পাত হে
ষোল অনা লুকাই গʼল
বিহুৰে বিৰিণা পাত হে
এশ পইচাই এটকা হʼল।
চেনাই দিয়ে গʼলা মইনা মোৰ কলিজা
চেনেহৰ টোপোলা মইনা মোৰ কলিজা
মইনাজান মইনাজান তোমাৰে ঐ বেজাৰত
মইনাজান মইনাজান জাঁজী নৈত পৰিম গৈ
মইনাজান মইনাজান সোঁতে মোক উটুৱাই নিব
মইনাজান মইনাজান মাংস গেলি যাব
মইনাজান মইনাজান হাড়ও পচি যাব
মইনাজান মইনাজান মাছেনো কুটি কুটি খাব।
কুলি কেতেকী সৰু ভনীটি
তোমালোকৰ ঘৰলৈ
সদায় যাব পাৰোঁ মই
যদি দিয়া মৰমৰ মাত
মই যোৱা দেখিলে
তোমাৰ মাৰ বাপেৰে
দিয়ে মূৰে কপালে হাত।
বাৰীৰে ঢাপৰে
এজাৰ মোৰ চৰাই
বাৰীৰে ঢাপৰে এজাৰ
চেঙেলীয়া কালতে
পীৰিতি এৰিলা
মনত দি গʼল বেজাৰ।।