Bhupen Hazarika
Bohagor Pratham Lyrics | বʼহাগৰ প্ৰথম | Bhupen Hazarika
Song: Bohagor Pratham (বʼহাগৰ প্ৰথম)
Singer: Bhupen Hazarika
![]() |
| Bohagor Pratham Lyrics |
Bohagor Pratham Lyrics:—
বʼহাগৰ প্ৰথম পুৱা
নকৈ গাভৰু হোৱা
এপাহি কপৌ ফুলে
কাণে কাণে ভোমোৰাক যেন কʼলে:
এ মই ফুলিলোঁ হে
মোৰ পাতগাভৰুৰ মন
কুমলীয়া মই একোকে নাজানো
নুশুহিবা মধূকণ।
যোৱাঁনা আন ফুলৰ ফালে
সিহঁত আগতে ফুলিলে
কৃষ্ণচূড়াৰ মৌ চুহা না
এজাৰেও বুকু উদঙালে।
ফুলি আছে, দেখা নাই জানো
ধুনীয়া ফুলনিখন?
বিহুৱা ঢোলৰ লগতে সৌৱা
নাচনীৰ দেহাৰ লাহ্ চোৱাঁ
বʼহাগত বলিয়া হোৱা
পাতগাভৰুৰ লাজ চোৱাঁ
পাতগাভৰুৰ লেখিয়া মই
এপাহি কপৌ ফুল হে মই
মোক নকৰাঁ আমনিখন,
কুমলীয়া মই একোকে নেজানো
নুশুহিবা মধুকণ।।
