Bhupen Hazarika
Ei Bihure Uruka Nikha (এই বিহুৰে উৰুকা নিশা) | Lyrics By Bhupen Hazarika
Song: Ei Bihure Uruka Nikha (এই বিহুৰে উৰুকা নিশা)
Singer: Bhupen Hazarika
![]() |
| Ei Bihure Uruka Nikha Lyrics |
Ei Bihure Uruka Nikha Lyrics:—-
গাভৰু : এই বিহুৰে উৰুকা নিশা
মোৰ কলিজা পৰিছে কʼলা
চিঠি দিম বুলি চিঠিও নিদিলা
তুমি পৰদেশী হʼলা।
যোৱাটো বিহুতে কথা যে দিছিলা
হʼবা মোৰ মনৰে দৰা
পষেকৰ পাছতে গুচিয়ে গʼলাগৈ
মনটো হʼল মোৰ মৰা।
তুমি কিয় যে দূৰলৈ গʼলা?
চাকৰি বিচাৰি চহৰলৈ গʼলা
চাকৰি পালা নে নাই?
আমালৈ হʼবলা পাহৰি গʼলাগৈ
চহৰৰ ৰূপহী পাই।
ডেকা : কি কথা কৱ তই
শুন মোৰ লাহৰী
তোক মই পাহৰা নাই
তোৰে মান ৰূপহী
বিচাৰি দেখিলোঁ
কোনো ভাৰস্ততে নাই
কথা এটা কওঁ
শুন মোৰ লাহৰী
গুপুতে গুপুতে কʼলোঁ
চাকৰি নোপোৱা
সমাজখন শুধৰাম
মৰণ পণকে লʼলোঁ।
গাভৰু : মোৰে শপত
তুমি এখনি চিঠি
দিবাচোন অহাটো ডাকত
তোমাক নেপালেও
তোমাক লগে পাম
চিঠিৰে আখৰৰ উমত।
তুমি কিয় যে নিলিখা হʼলা।
