Bhupen Hazarika
Jindabaad Mendela (জিন্দাবাদ মেণ্ডেলা) | Lyrics In Assamese | Bhupen Hazarika
Song: Jindabaad Mendela (জিন্দাবাদ মেণ্ডেলা)
Singer: Bhupen Hazarika
![]() |
| Jindabaad Mendela Lyrics |
Jindabaad Mendela Lyrics:—
জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ
জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ
সাতাইশ বছৰ আৰু সাতটা মাহৰ
বন্ধ কাৰাগাৰ ভাঙিলাঁ
প্ৰখৰ ৰৌদ্ৰৰূপে আফ্ৰিকাৰ
নতুন যুৱক হৈ ওলালা
জিন্দাবাদ মেণ্ডেলা।।
বৰ্ণ বৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনি
বজ্ৰ হাতুৰীৰে ভাঙিলা
মুক্ত আকাশৰ উদ্দেশ্যে
দৃঢ়মুষ্টি তুমি তুলিলা
জিন্দাবাদ মেণ্ডেলা।।
কৃষ্ণাংগৰ চিৰমুক্তি
তোমাৰ আজীৱন যুক্তি
যাৱজ্জীৱন কাৰাদণ্ডটো
নকৰিলা আপোচৰ চুক্তি
তুমি নকৰিলা আপোচৰ চুক্তি
সাম্যপিয়াসী লক্ষজনৰ
বন্দী শিবিৰ তুমি নাশিলা
জিন্দাবাদ মেণ্ডেলা
মেণ্ডেলা জিন্দাবাদ ।।
