Mon Jaai ( মন যায়) Lyrics | Zubeen Garg

Published on February 2, 2020

Song Name: Mon Jaai ( মন যায়)
Singer: Zubeen Garg
Movie Name: Mon Jaai

Mon Jaai ( মন যায়) Lyrics::


মন যায় মোৰো মন যায়,
মন যায় মোৰো মন যায়,
চকুত চকু থৈ চাবলে,
লাহে লাহে ওচৰ পাবলে,
কাষে কাষে খোজ দিবলে,
মন যায় মোৰো মন যায়,
চকুত চকু থ’ব মন যায়……

তোমাক দেখা পালে সপোন জাগি উঠে,
বুকুখনি হয় তাজমহল,
মন নদি হৈ মৰম সুতি বয়,
ধৌ বোৰ তাত হয় সাথৰ,
সন্মুখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
সন্মুখত যেতিয়া তোমাক দেখো,
যাযাবৰ অভিমান মুঠিতে ৰাখো,
মন যায় মন যায় মন যায়……
টুকুৰা টুকুৰা ভাঙি গুৰি হোৱা,
মন তোক কিদৰে যোৰা দিও,
খেলি মেলি বোৰে ধুই শেতা কৰা,
বুকুৰ কিহৰে নো ৰং সানো,
বেদনা বেদনা মোৰ ভাল পোৱা,
তোমাক হেৰুৱাই পাথৰ হিয়া,
বেদনা বেদনা মোৰ ভাল পোৱা,
তোমাক হেৰুৱাই পাথৰ হিয়া,
মন যায় মন যায় মন যায়……
সুখি হৈয়ে ৰোৱা ম‍ই অবিহনে,
এইয়া মোৰ সুভকামনা,
লাহে লাহে আতৰাই আনি ল’লো,
ম‍ই মোক তোমাৰ পৰা,
কিনো হ’ল সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
কিনো হ’ল সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল,
মন যায় মন যায় মন যায়……