Angaraag Mahanta
Nanda Geet (নন্দ গীত) – Papon Lyrics | Angaraag Mahanta
Song: Nanda Geet (নন্দ গীত)
Singer: Angaraag Mahanta & Papon

Nanda Geet (নন্দ গীত) – Papon Lyrics:—
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন……
হ’ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল……
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন…..
উন্মনা ৰাধিকা এবেলিৰ বেলা,
অ’ বিৰহে নধৰেহি যি অসহনো জ্বালা,
কেনে ত্যাগী গ’লা কিয় এই বৃন্দাবন,
কেনে অবুজন প্ৰেম কিজানি কৰুণ,
সবাৰে কাৰণে তেওঁ হেনো ভগৱান…..
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন…..
অ’ ৰাধাই জানে ৰাধাই জানে প্ৰেম মানে কি,
বুকুৰে মাজেৰে বয় যমুনা নদী,
ৰাধাৰ প্ৰেম বিৰহৰ মাথোঁ বিৰহৰে উন্মাদ,
হৃদয়হীন কৃষ্ণই কি কৰিব অনুমান,
অনুভৱৰ সিপাৰত সেই প্ৰেম জোতিষ্মান……
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন……
হ’ল পাগলী ব্ৰজাবালা আকূল ব্যাকূল,
লহৰী লহৰী যায় যমুনাৰ কূল……
নাচে নয়নে দিবা নিশি যশোৱা নন্দন,
হিয়াতো জ্বলে সেই শ্যাম সশোভন …….