Oi Nilaj Pahar Lyrics | ঐ নিলাজ পাহাৰ | Bhupen Hazarika

Song: Oi Nilaj Pahar (ঐ নিলাজ পাহাৰ)

Singer: Bhupen Hazarika

Oi Nilaj Pahar Lyrics, bhupen hazarika song
Oi Nilaj Pahar Lyrics

Oi Nilaj Pahar Lyrics:----

হাঃ হাঃ হাঃ হাঃ .....
থুই, হাঁহিবলৈ আহিছ !
ঐ নিলাজ পাহাৰ !
ঐ শুকান পাহাৰ !
মৰমবিহীন হৈ মৰ্ মৰ্ মৰ্‌
লাজতেহে মৰ্
বিচাৰিলি কি ?
পালি তই কি ?
সপোন দেখিছিলি !..
ঝিৰ ঝিৰ ঝিৰকৈ নিজৰা ব’ব
তোৰ বুকুৱেদি এটি মিঠা নিজৰা ব’ব
মৰমেৰে আকোঁৱালি নিজৰা ব’ব
তাইক পাই তোৰ,বুকুখন ৰসাল হ’ব
একো নাপালি হেঃ !
ভাঙিলনে তোৰ অহঙ্কাৰ
ঐ নিলাজ পাহাৰ !
বিচাৰিলি কি ?
পালি তই কি ?
বহু ভাবিছিলি ...
তোৰ বুকুত আছিল হেনো ৰূপ ৰূপালী
হেনো, কলিজা খান্দিলে পায় সোণ সোণলী
সোণ খান্দি নিব তই ৰূপো হেৰুৱালি
বালিচন্দা মাথো তই বুটলিলি
কি পালি হে: !
ভাঙিলনে তোৰ কামীহাড় ?
ঐ শুকান পাহাৰ ঐ নিলাজ পাহাৰ
তাকে লৈ চিঞৰি মৰ্ মৰ্ মৰ্ ৷

Post a Comment

Previous Post Next Post

Contact Form