Bhupen Hazarika
Okua Pokua (অকোৱা পকোৱা) | Lyrics In Assamese | Bhupen Hazarika
অকোৱা পকোৱা বাট, এই পাহাৰীয়া
ঝক্ঝক্ চলিছে, যেন কেৰেলুৱা
অকোৱা-পকোৱা বাটটো ‘পাতাচিয়াʼ
ঝক্ঝক্ চলিছে যেন কেৰেলুৱা ।
ঝিক্ ঝিক্ ঝিক্ ঝিক্ ঝক্ ঝক্ ঝক্ ঝক্
‘পাতাচিয়াʼ লকোখন চলি থক্ থক্।।
দুটা কল খালাঁ আমালৈ নথʼলাঁ
আৰু এটা খালাঁ আমাক নিদিলাঁ।
ভগাই ভগাই খালে আঁটি আঁটি যায়
লুকাই খালে ফ্ৰেণ্ড, ঢুকাইহে যায়।
শকত লʼৰা : আই এম নʼট ছেলফিশ্ব
লুক এট মাই বডি
শুকাই মৰিম ফ্ৰেণ্ড, কম খাওঁ যদি।
ঘৰ পাম যেতিয়া, মাম্মি কʼব তেতিয়া,
ঘৰ পাম যেতিয়া ডেডি কʼব তেতিয়া
‘আই ঐ দেহি! সোণ হʼলি আধাপেটীয়া।
খোৱাই খায় নোখোৱাৰ নাই
এই কথা ভাল কথা নহʼব যে ভাই।
খাদ্যৰ ভঁৰাল উদং নকৰিবা
আনৰো উদৰ আছে পাহৰি নেযাবা।
দুজনৰ আসনক এজনে নলʼবা
পিছত দেখিবা তুমি এখনো নাপাবা।
হোম হোম চুইট হʼম,
লৈ যোৱা পাহাৰীয়া ৰেল
কেৰেলুৱা ৰেʼল তুমি নকৰিবা ফেল
হোম হোম চুইট, হোম।
