Bhupen Hazarika
Piyoli Piyoli (পিয়লী, পিয়লী) | Lyrics In Assamese | Bhupen Hazarika
Song: Piyoli Piyoli (পিয়লী, পিয়লী)
Singer: Bhupen Hazarika
![]() |
| Piyoli Piyoli Lyrics |
Piyoli Piyoli Lyrics:—
পিয়লী, পিয়লী! কʼতেনো লুকালি
মুকুতি যুঁজৰ সেনাপতি?
পৰেবতৰ শিখৰতে, ভৈয়ামৰ নামনিতে
দেশৰে লʼৰা-বুঢ়াই উচুপিছে দিনে-ৰাতি;
আমাৰ পিয়লী বোপাটিৰ নাভাঙিলে কাল ঘুমটি
মৰণে লʼলে সাবটি।
দেশৰে আকাশত জুইৰে আঁকিলে
স্বাধীনতাৰ হাতীপটি।
পিয়লীক সুঁৱৰি দিখৌ নৈ থমকে
চকু পানী টুকি টুকি
মুকুতিৰ শিখা ৰাইজে জ্বলাব
পিয়লীৰ থাপনা পাতি।
মুকুতি যুঁজৰ সেনাপতি।।
