RumJhum Nupur Lyrics | ৰুম্‌ ঝুম্‌ নেপুৰ | Bhupen Hazarika

Song: RumJhum Nupur (ৰুম্‌ ঝুম্‌ নেপুৰ)

Singer: Bhupen Hazarika

RumJhum Nupur Lyrics
RumJhum Nupur Lyrics

RumJhum Nupur Lyrics:---

ৰুম্‌ ঝুম্‌ নেপুৰ বজাই
ঝুম্‌ ঝুম্‌ ঝুম্‌ ঝুমকা কঁপাই
ৰূপসী নৈৰ পাৰেদি কোন
চাওতালী গাভৰু যায় !
তাইৰ অঙ্গে অঙ্গে শোভা
তাইৰ ৰূপ মনোলোভা
হৰিণী চাৱনিৰ
চেনেহ সৰি যায় ।
কৃষ্ণকলি বাগিচাৰ
কৃষ্ণাই বোলা ডেকাই যে
ৰঙামাটিৰ ঘাটতে তাইক
দেখা দিয়াৰ কথা যে ।
সেই ৰঙা ৰঙা পাৰিৰ
হালধীয়া শাৰীৰ
আঁচল কামুৰি তাই
দূৰণিলৈ চায় ।
ঝিৰ ঝিৰ ঝিৰ নৈতে পৰি
তাই কিয় সাঁতুৰিলে
নিজৰ ছায়াকে নিজে
সাবটি ধৰিলে ।
কাজল সনা চকুতে
তাইৰ বিজুলী খেলিলে
কৃষ্ণকলিৰ কৃষ্ণাই
ভোটোঙাই ওলালে ।
তাই কʼলৈনো সাঁতোৰে
তাই লাজতহে মৰে
মিচিকি হাঁহিৰে তাই
ৰূপ লুকুৱালে
কৃষ্ণকলিৰ কৃষ্ণায়ে
বুকুৰ মৰম জনাই
জিলমিল জিলমিল পানীতে
তাইক সাবটি ধৰিলে ।।

Post a Comment

Previous Post Next Post

Contact Form