Bhupen Hazarika
Sangram Lagne Aji (সংগ্ৰাম লগ্নে আজি) | Lyrics In Assamese | Bhupen Hazarika
Song: Sangram Lagne Aji (সংগ্ৰাম লগ্নে আজি)
Singer: Bhupen Hazarika
![]() |
| Sangram Lagne Aji Lyrics |
Sangram Lagne Aji Lyrics:—
সংগ্ৰাম লগ্নে আজি
শংকা ত্ৰাস ত্যাজি
আইস বীৰসৰ দুষ্কৃতি নাশিতে।
অগ্নিমন্ত্ৰে দীক্ষা লৈয়া আইস
আজি যত দৈত্যকে বধিতে
ন্যায় তন্ত্ৰে শিক্ষা লৈয়া আইস
আজি যত পশুত্ব ৰোধিতে।
সাষ্টাঙ্গে কৰোঁহো প্ৰণাম মাতৃ চৰণতে।।
সোণৰে অসমী মাতৃ নাকান্দা নাকান্দা
কেনে কান্দা অভাগীৰ দৰে?
পুত্ৰ আছে, আছে কন্যা
ৰাত্ৰি দিনে চিন্তে সবে
থাপিব আনন্দ মেলা আজি তোৰ ঘৰে
কেনে কান্দা অভাগীৰ দৰে।।
ৰূপে গুণে সম নাহি।
ত্ৰৈলোক্য ভিতৰে
কেনে কান্দা অভাগীৰ দৰে?
অসমী আই মোৰ
অতি ভয়ংকৰ
ৰাক্ষসৰ কাৰণে ভয় নকৰিবা
আমাৰো হেংদান আছে।
অতি নিষ্ঠুৰ
কাল সৰ্পৰ কাৰণে ভয়ে নকৰিবা
আমাৰো মন্ত্ৰ আছে
হে’ আমাৰো দুচকুতে অগনি বৰষিছে
সমৰৰে শিখাবোৰ নাচে।।
সমৰৰে শিখাবোৰ নাচে।।
