Bhupen Hazarika
Shilongore Monalisa (শ্বিলঙৰে মনালিছা) | Lyrics In Assamese | Bhupen Hazarika
Song: Shilongore Monalisa (শ্বিলঙৰে মনালিছা)
Singer: Bhupen Hazarika
Singer: Bhupen Hazarika
![]() |
| Shilongore Monalisa Lyrics |
Shilongore Monalisa Lyrics:—
শ্বিলঙৰে মনালিছা লিংডো
তোমাৰ হাতৰ গীতাৰখনিত
হিলিবিলি মিউজিক বজাই যোৱাঁ ।।
মনালিছা মনালিছা মানালিছা,
তোমাক স্ৰজিলে কোন লিওনাৰ্ডোই
কেনেকৈ হʼলাঁ তুমি ইমান ধুনীয়া?
মনত আছেনে
দুয়ো গৰখীয়া
শ্বৰাতিৰ সুৰে সুৰে
কিন কিন বৰষুণে বৰষুণে ভিজা
শ্বিলং পিকত সেই দেওবাৰে পুৱা।
মনালিছা তুমি আজি লাবানৰ কʼৰবাত
আৰু- ৰাজধানী সলনিৰ পিছত আহি
হʼলোঁ এতিয়া দিছপুৰীয়া।
ক্ৰিচেন্থিমাম যিমানে ৰঙা
মোৰ- তোমাৰ সোঁৱৰণিও সিমানে ৰঙা
মনালিছা
নংপোলৈ
এবাৰ আহাঁনা;
ময়ো যাম ছুটি পালে নংপোলৈ
মন দিম মন নিম
গীটাৰৰ সুৰে সুৰে
অদূৰ-মধুৰ কোনোবা ৰাতিপুৱা।।
