Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) | Osinaki Mon (অচিনাকি মন) Lyrics | Angaraag Mahanta (Papon)

Published on February 2, 2020

Song Name: Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ)

Singer Name: Angaraag Mahanta (Papon)

Sinaki Sinaki Mukh (চিনাকি চিনাকি মুখ) | Osinaki Mon (অচিনাকি মন) Lyrics:–


চিনাকি চিনাকি মুখ অচিনাকি মন,
মুখা পিন্ধি সকলোচোন নিজতেই মগন,
চিনাকি চিনাকি মুখ অচিনাকি মন,
মুখা পিন্ধি সকলোচোন নিজতেই মগন,
ইমান কোলাহল লাগিছে আমনি,
নীলা আকাশখন ইয়াতযেন নেদেখি,
হেই চিনাকি চিফুঙৰ সুৰে মাতিচে বাৰে বাৰে,
চিনাকি চিনাকি মুখ অচিনাকি মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন……
ইমান আদৰ আইৰে মাতত,
চেনেহৰে উম বিনন্দীয়া,
নৈৰে ঘাটৰ জুৰ মলয়াত,
জীৱন জূৰুৱা মাদকতা,
সাৰদি নিশাৰ জোনাকতে,
কহোৱা কোঁমল সপোন জাগে,
শেৱাঁলি ফুলৰ সোবাস লাগি,
মন উৰনীয়া হয় মোৰ বাৰে বাৰে,
চিনাকি চিনাকি মুখ অচিনাকি মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন……
ঘূৰি চালে অতিতৰে মিঠা অনুভূতি,
সাহসৰে সুৰ হয় মন হকতি,
ঘূৰি চালে অতিতৰে মিঠা অনুভূতি,
পাঁও সেই সৰলতা সংস্কৃতি,
দেশৰ কাহিনী মূলা জয়মতি ,
লাচিতৰে সেই শৰাইঘাট,
আইতাই গোৱা বৰগীত ঘোষা,
নীৰৱে কপে কলিজাত…..
চিনাকি চিনাকি মুখ অচিনাকি মন,
মুখা পিন্ধি সকলোচোন নিজতেই মগন,
আকাশ পিয়াখি মানুহৰ বাবে,
মুখাই আহোৱাহ সেই যুগৰ বাবে,
চিফুং বাঁহিৰ সুৰেৰে গাঁঠি,
ৰচিলো সেই নতুন সুৰ,
বুকুৰ সচাঁ চেনেহেৰে,
মনৰ মিঠা আৱেগেৰে,
চিনাকি চিনাকি মুখ অচিনাকি মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন
চিনাকি চিনাকি মুখ অচিনাকি মন
মুখা পিন্ধি সকলোচোন নিজতেই মগন……