Tezpur University Anthem Lyrics | Bhupen Hazarika

Published on February 28, 2020

Tezpur University Anthem Lyrics

Song: Tezpur Biswa Bidyalaya Xangit (তেজপুৰ বিশ্ববিদ্যালয় সঙ্গীত)

Singer: Bhupen Hazarika

Tezpur University Anthem Lyrics
Tezpur University Anthem Lyrics

Tezpur University Anthem Lyrics:—

তেজপুৰ বিশ্ববিদ্যালয় সঙ্গীত

অগ্নিগড়ৰ স্থাপত্য, কলীয়াভোমোৰাৰ
সেঁতু নিৰ্মাণ-জ্ঞান জ্যোতিৰ্ময়
সেহি স্থানতে বিৰাজিছে তেজপুৰ বিশ্ববিদ্যালয় |

ভূ-গৰ্ভৰ পৰা গ্ৰহ নক্ষত্ৰত গণনাৰে কৰোঁ বিচৰণ
বিজ্ঞান-জোঁৱাৰৰ অগ্ৰগতিক আহুতিৰে কৰোঁ ৰূপ
আয়ত্ব কৰি কলা-কৌশল
কৰি যাঁও দিক্ নিৰ্ণয়
মানৱতাবাদৰ ধ্যানৰ প্ৰতীক তেজপুৰ বিশ্ববিদ্যালয়
তেজপুৰ বিশ্ববিদ্যালয়

বৰলুইত বৈ যায় কাষেদি আমাৰ
সেই শক্তিৰে উজলাম দুটি পাৰ
সোপান বগাম

তীব্ৰ গতিৰে
প্ৰযুক্তিবিদ্যাৰে হৈ নিৰ্ভয়
জীৱন যুঁজত বিজ্ঞান সাৰথি
তেজপুৰ বিশ্ববিদ্যালয়।।