Xarodi Kumol Lyrics | শাৰদী কোমল | Munmi Borah

Published on February 15, 2020

Song: Xarodi Kumol (শাৰদী কোমল)

Singer: Munmi Borah

Xarodi Kumol Lyrics
Xarodi Kumol Lyrics

Xarodi Kumol Lyrics:—

শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
এই বতাহ জাকে 
শেৱালি ফুলৰ সুবাস আনে
এই নিয়ৰ বোৰে
চিনাকী মনৰ বাতৰি আনে
সৌ তৰালিও উজলিল
জোনাকিও জিলমিল
তুমি কিয় অহা নাই
সৌ তৰালিও উজলিল
জোনাকিও জিলমিল
তুমি কিয় অহা নাই
তোমাক পাবলে মন উতলা কৰে
শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
বন কহুৱা বন
নিৰৱ বনত অকলসৰে
যাৰ সপোন ছবি
জুৰিৰ নীলা পানীত ভাহে
সৌ সিদিনাৰ কথাবোৰ
মৰমৰ হাঁহিবোৰ
মনে মনে দেখা পায়
সৌ সিদিনাৰ কথাবোৰ
মৰমৰ হাঁহিবোৰ
মনে মনে দেখা পায়
তোমাক পাবলে মন উতলা কৰে
শাৰদী কোমল জোনাক মায়াৰে
মন উতলা কৰে
জুৰিতিৰ পাৰত কহুৱা ফুলিলে
মন উতলা কৰে
মন উতলা কৰে
মন উতলা কৰে