Xorotor Xeyali Lyrics | শৰতৰ শেৱালি | Bhupen Hazarika

Published on February 17, 2020

Song: Xorotor Xeyali (শৰতৰ শেৱালি)

Singer: Bhupen Hazarika

Xorotor Xeyali Lyrics
Xorotor Xeyali Lyrics

Xorotor Xeyali Lyrics:—-


শৰতৰ শেৱালিৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে 
শুকুলা ডাৱৰৰ উৰুৱাই
মুকুতিৰ গীত গায় শৰালি জাকে
নিয়ৰ বিন্দু হ’ল জীৱন দাপোন 
তাতেই দেখোঁ মই আশাৰ সপোন
ক্ষুদ্ৰতে বিশালক যদি বিচাৰোঁ
দেখিবা বিন্দুতে সিন্ধু থাকে
শৰতৰ সৰাপাত কিয় বুটলিম
ৰিক্ত ৰিক্ত মন কিয় আদৰিম 
বন্ধ বন্ধ সীমা কিমান সহিম
মুগ্ধ মুগ্ধ মই আকাশ দেখি
স্নিগ্ধ স্নিগ্ধ ফুল, মনেৰে লেখি
মুক্ত মুক্ত কহুঁৱাৰ নাচোনে
হহুৱায় নিৰাশাৰ ফাঁকে ফাঁকে