Zubeen Garg – Pakhi Pakhi (পাখি পাখি) | Lyrics In Assamese

Published on February 6, 2020

Song: Pakhi Pakhi (পাখি পাখি)Singer: Zubeen Garg



Pakhi Pakhi (পাখি পাখি) || Lyrics In Assamese:–

পাখি পাখি এই মন 
পাখি লগা মোৰ মন
পাখি মেলি যাওঁ উৰি 
উৰি পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম 
এৰি অহা পদূলিত
বূটলি আন ল’ৰালি
উৰি পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আৱেলি
উৰি পাখি মেলি যা উৰি
দোকমোকালি মোৰ পঢ়াশালি
ইংৰাজি অংক তপিনাত এছাৰি
খিৰিকীৰ ফাকেৰে মুকুতিৰ আৱেলি
ঘৰলৈ উভতি খেলা মৰা মৰি
দেউতাৰ ৰঙা চকু
একে কোবে মাৰ বুকু
পঢ়া টেবুলত ভাগৰৰ টোপনি
আইৰ নিচুকনি
মৰমৰ বুলনি
পাখি পাখি এই মন 
পাখি লগা মোৰ মন
পাখি মেলি যাওঁ উৰি 
উৰি পাখি মেলি যা উৰি
জোনমনি, ৰূণজোন তেতিয়া চকুত জোন
নিভাজ আৱেগত টোপা-টোপে সৰে সোন
সাঁতুৰি নাদুৰি এটি এটি ৰাতি-দিন
খেলা লুকা-চুৰি নিজকে বিছাৰো কোন
ৰঙা-নীলা চিলা
উৰি উৰি মনে খেলা
এতিয়া কবিতা গানৰে সলিতা
অকলে বুকুতে চকুলোঁ বুটলি
পাখি পাখি এই মন 
পাখি লগা মোৰ মন
পাখি মেলি যাওঁ উৰি 
উৰি পাখি মেলি যা উৰি
জাকি মাৰি গৈ নাম 
এৰি অহা পদূলিত
বূটলি আন ল’ৰালি
উৰি পাখি মেলি যা উৰি
দেউতাৰ হাঁহিৰে আইৰ সতে উমলি
ৰ’দে বৰষুণে ধেমালি
আজলি সেই আৱেলি
উৰি পাখি মেলি যা উৰি