Assamese Lyrics
Dikhou Noir Parore Lyrics By Anima Choudhury
Song: Dikhou Noir Parore (দিখৌ নৈৰ পাৰৰে)
Singer: Anima Choudhury
Lyricist: Mrinal Kr. Choudhury
Musician: Mrinal Kr. Choudhury
![]() |
| Dikhou Noir Parore Lyrics |
Dikhou Noir Parore Lyrics:—
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পায়
দিখৌ নৈৰ পাৰৰে…
কাৰেং ঘৰ আছে নিঃপালি দি শুই
ৰংঘৰ কেঁহেৰাজ বটা
জেৰেঙা পথাৰত জয়াৰে উচুপনি
গোদাপানিৰ দল ক’তা
শৰাইঘাটতে মোমায়ে টোপনিয়াই
লাচিতৰ উমঘাম নাই
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পায়
দিখৌ নৈৰ পাৰৰে…
শিৱৰে দ’লৰে বৰখুটা লৰিছে
বৰদোৱাত নাম ভটিমা নাই
অ’ চাটিছে ৰঘূমলা
গড়গঞা কটাৰীৰ দাবেও কাটিছিলে
শান আজি মামৰেহে খায়
পিঠি পুৰিলেও উভতি শুব জানি
বদনে ৰণশিঙা বায়
দিখৌ নৈৰ পাৰৰে
কঁহুৱাই বিনায়
নাই আজি সেই দিন নাই
আজলী অসমীৰ সকলো হৰিলে
এদেও দুদেও চেগ পাই
দিখৌ নৈৰ পাৰৰে… ।
