Assamese Lyrics
Eiye Mur Xekh Gaan Lyrics | Bishnu Prasad Rabha
Song: Eiye Mur Xekh Gaan (এয়ে মোৰ শেষ গান)
Singer: Bishnu Prasad Rabha
![]() |
| Eiye Mur Xekh Gaan Lyrics |
Eiye Mur Xekh Gaan Lyrics:—
এয়ে মোৰ শেষ গান |
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান |
পাতনিতে বালোঁ ধেমালি নান্দী
ভঙ্গী সূত্ৰধাৰ
হাঁহি বিননিয়ে ভাও দিলোঁ নানা
বোৱালোঁ অশ্ৰু ধাৰ
নৱ-নৱ ৰসে বালোঁ ভাৱ নাও
আশাৰ নিৰাশাৰ
আজি হ’ব মোৰ জীৱন নাটৰ
ভাৱনাৰ অৱসান ।।
নীল আকাশত পুৱঁতি তৰাই
ঢিমিকি ঢিমিকি জ্বলে
সিও যাব নুমি একে নিশাহতে
বেলিৰ পোহৰ পালে
ঠগীৰ লগৰে বন্তিৰ শিখা
নুমো নুমোকই নাচে
খৰ্মান তালৰ কল্যাণ ৰাগৰ
ছেৱে অপৰূপ ঠাচে |
দোষে গুণে হ’ল ভাৱনাৰ শেষ
পুঁৱতী তৰাও নুমে
বাঁহৰ আগেদি ঊষাৰ বেলিয়ে
ৰঙা মুখ তুলি জুমে
শিখাৰ লগৰী বিদায় ৰাগিনী
ৰাইজৰ পদ চুমে
আজি হ’ল মোৰ জীৱন নাটৰ
ভাওনাৰ অৱসান
মোৰ জীৱন-নাটৰ শেষ ৰাগিনী
কল্যাণ খৰমান |
