Eti Premor Kobita Poem By Kuladhar Rabha

Published on March 28, 2020

Poem: Eti Premor Kobita 

Poet: Kuladhar Rabha

Eti Premor Kobita Poem
Eti Premor Kobita Poem

Eti Premor Kobita Poem:–



ৰূপোৱালি নৈৰ দৰে
তুমি বৈ যোৱা…
মই চাই ৰওঁ…
মই জানো তুমি কাহানিও
উলটি নোবোৱা…
সেয়ে,
মায়াপুৰি নগৰিত
স্বপ্নবিষ্ট অনুভূতি সানি
মই হেৰাই যাওঁ
তোমাৰ মাজতেই…
কাৰণ মই…
তেতিয়া তোমাক কাষতে পাওঁ।
তোমাক কল্পনাই কাষত মাতিলে
মোক বিবেকে একো নকয়
হয়তো বিবেকে জানে,
এয়া বাস্তৱত সম্ভৱ নহয়
কোনোপধ্যে নহয়।
তথাপিও মই তোমাক
ভালপাওঁ জানা?
ৰূপোৱালি নৈৰ দৰে
তুমি বৈ যোৱা আৰু
মই চাই ৰওঁ…
সেই একেদৰে
একে অনুভূতিৰে…