Ghar Amar Mati Hoi Lyrics | Bhupen Hazarika

Song: Ghar Amar Mati Hoi (ঘৰ আমাৰ মাটি হয়)

Singer: Bhupen Hazarika

Ghar Amar Mati Hoi Lyrics
Ghar Amar Mati Hoi Lyrics

Ghar Amar Mati Hoi Lyrics:---

ঘৰ আমাৰ মাটি হয়
মাটিয়েই ঘৰ;
বাটেই আমাৰ আপোন হয়
আপোনেই পৰ।

এটি মিঠা জীৱন, এটি জীৱিকাৰ বাট
ৰাজপথে এৰাবাটে; এষাৰি মৰমী মাত;
বিচাৰোঁতেই দিন যায়, কৰি দাম-দৰ।।

চোৰাং কʼলা বজাৰতে, বহু কʼলা ধন পাবা
এন্ধাৰ এন্ধাৰ গুডামতে কুবেৰৰো ধন পাবা
তেনে পাপী কুবেৰৰ নহওঁ আমি অনুচৰ
খাটি খাটি অৰ্জা দুটা শুদা-নিকা ভাত
এযোৰ মাথোন কাপোৰ, থাকে যদি এই গাত
তেতিয়াই পাওঁ দেখোন প্ৰেৰণা মনৰ।।

(ছবিৰ বাবে তলৰ অংশ দুটিও লিখা হৈছিলঃ পিছে ৰেকৰ্ডিঙৰ সময়ত বাদ দিয়া হʼল)

এন্ধাৰ কʼলা আকাশতে; বহু কʼলা মেঘ পাবা
বিচাৰিলে তাতো চিক্‌মিক,বিজুলীৰে ৰেখা পাবা
তেনে জেউতিৰে হʼম আমি অনুচৰ।।

সোণৰ গঢ়া সজা এটিত, বুদ্ধিৰেই যদি;
কৰে আজি কোনোবাই আমাকো বন্দী
তেনে সজা ভাঙি গাম গীত আকাশৰ

তেনে সজা ভাঙি গাম গীত আকাশৰ।।

Post a Comment

Previous Post Next Post

Contact Form