Hu Hu Dhumuha Ahileo Lyrics | Mayukh Hazarika

Published on March 19, 2020

Song: Hu Hu Dhumuha Ahileo (হু হু ধুমুহা আহিলেও)

Singer: Mayukh Hazarika

Hu Hu Dhumuha Ahileo Lyrics
Hu Hu Dhumuha Ahileo Lyrics 

Hu Hu Dhumuha Ahileo Lyrics:–

হু হু ধুমুহা আহিলেও
আকাশ ক’লা মেঘে ছানিলেও
ৰিম্ঝিম্ বৰষুণ পৰিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।

হু হু ধুমুহা আহিলেও–
জীৱনৰ প্ৰথম তৰীত
প্ৰথম যাত্ৰী হৈ বহিলাঁ
বুকুৰ তপত উম যাচি,
ভয়াৱহ চাকনৈয়া দেখিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।

হু হু ধুমুহা আহিলেও–
শৈশৱ পাৰ হ’ল, কিশোৰ হ’লোঁ
কৈশোৰ পাৰ হ’ল, যুৱক হ’লোঁ
যৌৱন-জোৱাৰত নাও মেলি
আশাৰ পাল ৰূপে তোমাকে পালোঁ।

আঁচনিৰ সাগৰতে
সাহসৰ স্বাক্ষৰ কৰিলাঁ
নিৰাশাৰ চকুপানী মচি
দুঃসহ বেদনাত ভুগিলেও
তুমি যেন থাকাঁ মোৰ কাষতে।
হু হু ধুমুহা আহিলেও