Assamese Lyrics
Kokal Khamusiya Lyrics | Zubeen Garg | Mahalaxmi
Song: Kokal Khamusiya (ককাল খামুচীয়া)
Album: Sobdo
Singer: Zubeen Garg & Mahalaxmi
![]() |
| Kokal Khamusiya Lyrics |
Kokal Khamusiya Lyrics:–
ককাল খামুচীয়া
গাল গোলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে
পদুমি খোজেৰে
নিলাহি মন মোৰ হৰি
গাঁৱৰে জীয়ৰি
থাকিবা আঁতৰি
চুলে মাৰিব বিজুলী
ককাল খামুচীয়া
গাল গোলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে
পদুমি খোজেৰে
নিলাহি মন মোৰ হৰি
ধাননি পথাৰৰ সোণোৱালী শস্য়ই
জিলিকে আমাৰে অসম
ঘৰে ঘৰে বন্তি
জলিলেই গধূলি
শেৱালী সৰিলেই পুৱা
চহৰৰে ডেকা ল’ৰা হেনো মিছলীয়া
নুবুজে মনৰ ভাষা
আমি গাঁওলীয়া সৰল আলসুৱা
নুশুনো চলাহী কথা
ভুল কৰিবা যদিহে বুজি মোক নুবুজা
আলসুৱা মনৰে ভাষা
ভুল কৰিছা যদিহে দেখি মোক নেদেখা
নুবুজা কলিজাৰ বেঠা
ককাল খামুচীয়া
গাল গোলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে
পদুমি খোজেৰে
নিলাহি মন মোৰ হৰি
গাঁৱৰে জীয়ৰি
থাকিবা আঁতৰি
চুলে মাৰিব বিজুলী
এ এ ককাল খামুচীয়া
গাল গোলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে
পদুমি খোজেৰে
নিলাহি মন মোৰ হৰি
নৈ পাৰে পাৰে উৰে আমাৰ মন
হেপাহৰ ৰঙীন পখিলা
জোনাক নামিলেই সোনাৰো ফুলিলেই
সপোনে কৰে ৰাসলীলা
কহুৱা মলয়াই নিতে আহি চুই যায়
পদূলিত উৰুৱাই ধূলি
কপৌ পাৰৰ মাত চোতাল শুৱনি
শালিকিৰো গুণ গুণনি
তুমি আহিবা নৈৰে ঘাটলৈ গধূলি
সকলো কম মই খুলি
তুমি জানিবা দেখিবা বুজিবা সকলো
নেভাবিবা মিছলীয়া বুলি
ককাল খামুচীয়া
গাল গোলপীয়া
তুমি কোন সৰগৰ পৰি
কজলা চকুৰে
পদুমি খোজেৰে
নিলাহি মন মোৰ হৰি
