Assamese Lyrics
Mukti – Mrittu Etiya Hohoj Lyrics | Zubeen Garg
Song: Mukti – Mrittu Etiya Hohoj (মৃত্য়ু এতিয়া সহজ)
Singer: Zubeen Garg
![]() |
| Mukti – Mrittu Etiya Hohoj Lyrics |
Mukti – Mrittu Etiya Hohoj Lyrics:–
অন্ধ আকাশ
ক্ৰূদ্ধ বতাহ
ত্ৰস্ত ৰাতিৰ
স্তব্ধ জোনাক
অন্ধ মনৰ
বন্ধ কোঠাত
হৃংছো প্ৰেমৰ
মুক্ত প্ৰকাশ
মুকুতি আজি দেখোঁ
দিশো সাৰা হৈ ৰৈ
দিশে দিশে চলে মাথো
মৃত্য়ুৰ জয়
মৃত্য়ু এতিয়া সহজ
মৃত্য়ু এতিয়া উচব
মৃত্য়ু যদি শিল্প হয়
মৃত্য়ু কিদৰে সুলভ
মৃত্য় এতিয়া সহজ
অন্ধ শাসন
ভন্দ শাসক
অৰ্থ লোভৰ
নগ্ন যুঁজত
অন্ধ শাসন
ভন্দ শাসক
অৰ্থ লোভৰ
নগ্ন যুঁজত
জীৱন মৰণৰ স্বপ্নাবাসক
মগ্ন বিভোৰ অন্ধ সুখত
ক্লান্ত জীৱন আজি
ক্লান্ত দিঠক আজি
ক্লান্ত জীৱন আজি
ক্লান্ত দিঠক আজি
দুচকুত ভাহে মাথো…
শান্তি …. শুদ্ধ পথ
মুকুতি শুদ্ধ পথ
মুক্ত হোৱাৰ সপোন দেখি
পশু হোৱাৰ কিমান বাকী
জীৱন দিয়াৰ ক্ষমতানো কাৰ
জীৱন লোৱাৰ ক্ষমতা অপাৰ
জন্ম লোৱাৰ অৰ্থ বিশাল
অৰ্থ ন’ৰল হ’ল মহাকাল
শিশুৰ মুখৰ হাঁহি
কেতিয়াকে ঘুৰি আহি
শিশুৰ মুখৰ হাঁহি
কেতিয়াকে ঘুৰি আহি
আদৰিব নৱপ্ৰভাতক
শান্তিৰ সুৰুযক
মুকুতিৰ সুৰুযক
মুক্ত আকাশ
শান্ত বতাহ
কবিতা ৰাতিৰ
স্নিগ্ধ জোনাক
শুদ্ধ মনৰ
মুক্ত কোঠাত
মানৱ প্ৰেমৰ মূৰটো প্ৰকাশ
মুকুতি আজি আহি
দুচকুত সাৰে ৰয়
বুকুয়ে বুকুয়ে বৈ
শান্তিৰ ঢল
মুকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত
মুকুতি এতিয়া নিজৰ
মুকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত
মুকুতি এতিয়া নিজৰ
মুকুতি এতিয়া হাতত
