Song: Nibir Bone Je (নিবিড় বনে যে)
Singer: Jayanta Hazarika
![]() |
Nibir Bone Je Lyrics |
Nibir Bone Je Lyrics:—
নিবিড় বনে যে মাতিছে যা
যা যা দূৰণিলৈ
হেৰুৱা সুবাসে মাতিছে যা
সোনৰে সজাটি এৰি থৈ যা
যা নীলিম আকাশলৈ
সোনালী ৰদে যে মাতিছে যা
জোনৰে জোনাকী মাতিছে যা
যা পখী দূৰণিলৈ
হেৰুৱা সুবাসে মাতিছে যা
শ্যামল শোভাই সানিব ৰং
অৱসাদে কৰে ধূসৰ মন
মৰুত হেৰুৱা জীৱন নদীত
বনৰ জুৰিয়ে দিবহি গতি
জীৱন মায়াৰে, প্ৰাণৰ সুৰভি…
বনতে বিচাৰি, কঠিন শিকলি
চিঙি দি যা…
দূৰৰ পাহাৰে দিব যে পণ
ভিৰূতাৰে কিয় ভাঙিবি মন?
দূৰৰ পাহাৰে দিব যে পণ
ভিৰূতাৰে কিয় ভাঙিবি মন?
জীৱন মায়াৰে, প্ৰাণৰ সুৰভি…
মহুৱা বনতে, আকাশে বতাহে বিচাৰি যা
নিবিড় বনে যে মাতিছে যা
যা যা দূৰণিলৈ
হেৰুৱা সুবাসে মাতিছে যা ।