O Mur Ronor Teji Ghora Lyrics | Zubeen Garg

Published on March 25, 2020

Song∶ O Mur Ronor Teji Ghora (অ’ মোৰ ৰণৰ তেজী ঘোঁৰা)

Album∶ Boroxun

Singer∶ Zubeen Garg

Musician∶ Zubeen Garg

Lyricist∶ Hiren Bhattacharjya

O Mur Ronor Teji Ghora Lyrics
O Mur Ronor Teji Ghora Lyrics

অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
চেঁকুৰি যা তই চেঁকুৰি যা
পোনাই ল’ তোৰ দীঘল বাট
পাৰ হৈ যা ৰাতিৰ এন্ধাৰ
শিল বৰষুণ ধুমুহা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা

তেজ কদমত চেঁকুৰ মেলক
মোৰ ৰণৰ ঘোঁৰা
উফৰি পৰক ঘামে তলবল
পিঠিৰ কঠিন জিন
তেজ কদমত চেঁকুৰ মেলক
মোৰ ৰণৰ ঘোঁৰা
উফৰি পৰক ঘামে তলবল
পিঠিৰ কঠিন জিন
চেঁকুৰি যা তই চেঁকুৰি যা
খাজে খাজে পাৰ হৈ যা
চেঁকুৰি যা তই চেঁকুৰি যা
বুকু ফটা মাটিৰ যন্ত্ৰণা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা

শুনি যা শুনি যা
মোৰ নতুন গানৰ
অস্থায়ী অন্তৰা
শুনি যা শুনি যা
মোৰ নতুন গানৰ
অস্থায়ী অন্তৰা
চেঁকুৰি যা তই চেঁকুৰি যা
খাজে খাজে পাৰ হৈ যা
চেঁকুৰি যা তই চেঁকুৰি যা
বুকু ফটা মাটিৰ যন্ত্ৰণা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
চেঁকুৰি যা তই চেঁকুৰি যা
পোনাই ল’ তোৰ দীঘল বাট
পাৰ হৈ যা ৰাতিৰ এন্ধাৰ
শিল বৰষুণ ধুমুহা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা
অ’ মোৰ ৰণৰ তেজী ঘোঁৰা
অ’ মোৰ মনৰ বেগী ঘোঁৰা