Ojanite Mone Mone Lyrics By Zubeen Garg & Anindita Paul

Song: Ojanite Mone Mone (অজানিতে মনে মনে)

Singer: Zubeen Garg and Anindita Paul

Music: Manash Hazarika

Lyrics: Manash Hazarika

Ojanite Mone Mone Lyrics

Ojanite Mone Mone Lyrics:--

হুম . . . হুম . . . হুম . . .
   হুম . . . হুম . . .হুম . . .
লা. . . লা . . . লা . . .
   লা . . . লা . . . লা . . .

(জুবিন) :
ভবাতো নাছিলোঁ মোৰ
এনে হ’ব
কাৰোবাৰ মৰমে মোৰ
হৃদয় চুব
মৰমৰ নদীখন বোৱাই নিব
সপোনে জীৱনক জোগাই ক’ব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
অজানিতে...
মনে মনে

(অনিন্দিতা) :
ফাগুনৰ ৰঙে ৰঙালে
উকা উকা হৃদয় তুলি মোৰ
সেমেকা এচাতি বতাহত
ভাগৰুৱা দেহা পৰে জুৰ৷

(জুবিন) :
মিঠা মিঠা লগা
এই মধুৰ লগনতে
সুৱদি এটি সুৰ হৈ
ক’লেহি কাণে কাণে
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(অনিন্দিতা) :
অজানিতে...
মনে মনে

(জুবিন) :
আকাশৰ সৌ কাঁচি জোনে
এন্ধাৰ জীৱন পোহৰালে মোৰ
ক’ৰবাত এটি পখীৰ মাতে
ভাঙি দিলে নীৰৱতাবোৰ...

(অনিন্দিতা) :
আজি হৃদয় বননিত
এটি ফুলে মেলে পাহি
জোনাকীৰে উমলি
জোনটিয়ে ক’লে হাঁহি
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(জুবিন) :
অজানিতে...
মনে মনে

(অনিন্দিতা) :
ভবাতো নাছিলোঁ মোৰ
এনে হ’ব
কাৰোবাৰ মৰমে মোৰ
হৃদয় চুব
মৰমৰ নদীখন বোৱাই দিব
সপোনে জীৱনক জোগাই ক’ব
মোৰ হেনো প্ৰেম হ’ল
অজানিতে...
মনে মনে
(জুবিন) :
অজানিতে...
মনে মনে

Post a Comment

Previous Post Next Post

Contact Form