Assamese Lyrics
Aandhar Rati Lyrics By Dipen Baruah
Song: Aandhar Rati (আন্ধাৰ ৰাতি)
Singer: Dipen Baruah
![]() |
| Aandhar Rati Lyrics |
Aandhar Rati Lyrics:–
আন্ধাৰ ৰাতি কোন বাৰু তই (হাঃ হাঃ হাঃ)
অকলে ফুৰিছ যাবি কলৈ?
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই?
আন্ধাৰ ৰাতি কোন বাৰু তই
অকলে ফুৰিছ যাবি কলৈ?
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই?
যায়ে যদি সৰি সৰি গোলাপৰে পাহ
অ’ এৰি থৈ ঠাৰিটি ধৰুৱা হুমুনিয়াহ !
যায়ে যদি সৰি সৰি গোলাপৰে পাহ !
অ’ এৰি থৈ ঠাৰিটি ধৰুৱা হুমুনিয়াহ !
পাহি মেলি কিয় ফুলিছিলে
পুৱাই ফুলনি জকেমকাই (হাঃ হাঃ হাঃ)
আন্ধাৰ ৰাতি কোন বাৰু তই
অকলে ফুৰিছ যাবি কলৈ?
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?
শূল পুতি ভুল কৰ কিয়
নিজই পাৱ দুখ, নিজেই পাৱ দুখ
ফুলৰ আঁৰত নেদেখিলি কাৰ সাপৰ মুখ
নায়ে যদি দিনৰ পোহৰ ৰাতিয়েই ভাল !
অ’ আন্ধাৰতে তেতিয়া হায় ইমান খৰ কাৰ ?
নজ্বলাবি চাকি নজ্বলাবি …
পোহৰ পৰিলে বাট হেৰাই যায় (হাঃ হাঃ হাঃ)
আন্ধাৰ ৰাতি কোন বাৰু তই
অকলে ফুৰিছ যাবি কলৈ ? (হ: হাঃ হাঃ)
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?
কেনি তোৰ ঘৰ ক’ত পাবি ঠাই ?
