Assamese Lyrics
Dhulor Sapori Mari Lyrics – Husori
Song: Dhulor Sapori Mari (ঢোলৰ চাপৰ মাৰি) – Husori
![]() |
| Dhulor Sapori Mari Lyrics |
Dhulor Sapori Mari Lyrics:–
ঢোলৰ চাপৰ মাৰি আহিলোঁ দদাইদেউ
বিহুৰে বাতৰি পাই
বিহুৰে বাতৰি পাই …
আমি ডেকা ল’ৰাই ধেমালি কৰিছোঁ
আমাক নধৰিব দাই …
দেহী ঐ …
হাঁহৰ লগত কোমোৰা
বুটৰ লগত পছলা
পুঠি মাছত ঔ-টেঙা
লগত দিবি ঢেকীয়া
পথাৰৰ নলাতে পাতিছিলোঁ ডিঙৰা
লাগিল দুটাকৈ দাঢ়ি দীঘল শিঙৰা
তোৰ বাবে আনি দিম গৰম গৰম চিঙৰা
আৰু আনি দিম বোকাখাটৰ পেড়া
হাই ঐ … ঐ সোণজনী …
বনাই তই খুৱাবিনে
বনাই তই খুৱাবিনে ভাত …
খাবৰ ভালে লাগে মাছৰে পটীয়া
মোৰে জীৱনলৈ আহিবিনো কেতিয়া
সঁচাকৈ তই দেখিবলৈ ধুনীয়া
তোৰ প্ৰেমত পৰি হলোঁ মই বলিয়া
মৰম দিমে তোক কাষত পাম যেতিয়া
দুগালত দুফালে চুমা দিম তেতিয়া
হাই ঐ … ঐ সোণজনী …
কলিজা মোৰ খাই দিলি
বলিয়া তই কৰিলি মোক …
