Dusokut Kajol Bulai Loi Lyrics By Anima Choudhury

Published on April 23, 2020

Song: Dusokut Kajol Bulai Loi (দুচকুত কাজল বোলাই লৈ)

Singer: Anima Choudhury

Dusokut Kajol Bulai Loi Lyrics
Dusokut Kajol Bulai Loi Lyrics

Dusokut Kajol Bulai Loi Lyrics:—

দুচকুত কাজল বোলাই লৈ
কবৰীত কৰবী সজাই লৈ
দুহাতত জেতুকা লৈ
পদূলি মূৰত ৰৈ
(বাট চাই আছোঁ তোমালৈ)…..২
লাজৰ ওৰণি টানি লৈ
মিছা অভিমান দেখাম মই
তুমি অভিমান কৰিবা
মিছা অভিমান কৰিবা
(অভিমান ভাঙিম মই)…..২

দুচকুত কাজল বোলাই লৈ
কবৰীত কৰবী সজাই লৈ
দুহাতত জেতুকা লৈ
পদূলি মূৰত ৰৈ
(বাট চাই আছোঁ তোমালৈ)…..২

মনৰ গোপন কথা
দুচকুত তুমি পঢ়িবা
গোপন ভাষাৰে বহু কথা
তোমাক কৈ যাম মই
তুমি সাঁথৰ সুধিবা
অলেখ সাঁথৰ সুধিবা
(সাঁথৰ ভাঙিম মই) …..২

দুচকুত কাজল বোলাই লৈ
কবৰীত কৰবী সজাই লৈ
দুহাতত জেতুকা লৈ
পদূলি মূৰত ৰৈ
(বাট চাই আছোঁ তোমালৈ)…..২