Assamese Lyrics
Ki Kohokkoi Lohokkoi Lyrics By Zublee Baruah
Song: Ki Kohokkoi Lohokkoi (কিকহকৈ লহকৈ)
Singer: Zublee Baruah
![]() |
| Ki Kohokkoi Lohokkoi Lyrics |
Ki Kohokkoi Lohokkoi Lyrics:—
হে হেইয়া হে হেইয়া
হে হেইয়া হে হেইয়া
হেইয়া হে …
জানোকৈ হককৈ, কিকহকৈ লহকৈ
জাকি মাৰি আহে হেঙুলীয়া ৰং
চিলনী উৰা দি উৰে মোৰ মন
এহেই হে এহেই হে
এহেই এহেই এহেই হে ।
অই চিকুণী চিকুণী মৰমৰে মৌ
কোবালে বুকুতে সেন্দুৰীয়া ঢৌ
এহেই হে এহেই হে
এহেই এহেই এহেই হে
জানোকৈ হককৈ, কিকহকৈ লহকৈ ।
এচেৰেঙা ৰ’দে ৰং বুলালে
লিহিৰী লিহিৰী সুৰ শুনালে
ৰূপৰ জেউতি সৰে
হিয়া মোৰ উথলি পৰে
মৰমৰ গুঞ্জন আকুল বিকুল মন
তোমাৰে হিয়া মোৰ সপোন মগন
এহেই হে এহেই হে
এহেই এহেই এহেই হে
জানোকৈ হককৈ, কিকহকৈ লহকৈ ।
ৰূপহী আবেলিৰ সাজোন-কাচোন
তাতে ৰঙা বেলিৰ মেলানি নাচোন
চিটিকি চিটিকি পৰে
ৰঙ হৈ গালে মূৰে
বলিয়া শাওন যেন আজি মোৰ উশাহত
ৰিঙিয়াই মাতে তোমাৰ মৰমে
এহেই হে এহেই হে
এহেই এহেই এহেই হে
জানোকৈ হককৈ, কিকহকৈ লহকৈ ।।
