Maghot Dekhu Uruka Nohoi Lyrics By Bhupen Hazarika

Song: Maghot Dekhu Uruka Nohoi (মাঘত দেখোঁ উৰুকা নহয়)

Singer: Bhupen Hazarika

Maghot Dekhu Uruka Nohoi Lyrics

Maghot Dekhu Uruka Nohoi Lyrics:---

মাঘত দেখোঁ উৰুকা নহয়, তুমি নহʼলে
বʼহাগ বিহুত বিহু-ঢোল নেবাজে, তুমি নহʼলে
তুমি নহʼলে তুমি নহʼলে ।

শাৰদী পুৱা কঁহুৱা নুফুলে, তুমি নহʼলে
এন্ধাৰ পঁজাত চাকি নজ্বলে, তুমি নহʼলে
প্ৰগতিও দেখোঁ অগতিহে হয়, তুমি নহʼলে
গীত দেখোঁ সুৰীয়া নহয়, তুমি নহʼলে
তুমি নহʼলে, তুমি নহʼলে ।

বৰষাৰ আকাশত মেঘ নজমে, তুমি নহʼলে
জীৱন-লুইতখন থমকিহে ৰয়, তুমি নহʼলে
জ্ঞান-বিজ্ঞানৰ অৰ্থ নুবুজোঁ,
তুমি নহʼলে

পোৱা-নোপোৱাৰ সংগ্ৰাম নুবুজোঁ,
তুমি নহʼলে
তুমি নহʼলে, তুমি নহʼলে ।
জীৱনতো কোনো শান্তি নেপাম, তুমি নহʼলে
মৰণতো চাগে ক্লান্তিহে পাম, তুমি নহʼলে
তুমি নহʼলে, তুমি নহʼলে ।।

Post a Comment

Previous Post Next Post

Contact Form