Assamese Lyrics
Fulor Logot Kotha Pota Lyrics By Jyoti Prasad Agarwala
Song: Fulor Logot Kotha Pota (ফুলৰ লগত কথা পতা )
Singer: Jyoti Prasad Agarwala
![]() |
| Fulor Logot Kotha Pota Lyrics |
Fulor Logot Kotha Pota Lyrics:—
ফুলৰ লগত কথা পতা
অকণি ছোৱালীজনী
তোৰ হাঁহিত সৰে
মুকুতা মাণিক
চকুত জ্বলে মণি ৷
ৰাতিপুৱাৰ সোণপোহৰে
ফুলৰ পাহিৰ ৰঙা চোতালত বহি
তোক কি ক’লে নতুন কথা
আহ অ’ মোক ক’হি
সুন্দৰ অহাৰ আগজাননী
কিবা দিলেনে তোক
পোহৰৰ যুগ আহিব কেতিয়া
কিবা ক’লেনে
কৈ যা, কৈ যা মোক ৷৷
