Prithibi Dhuniya Lyrics By Jyoti Prasad Agarwala

Published on May 12, 2020

Song: Prithibi Dhuniya (পৃথিৱী ধুনীয়া)

Singer: Jyoti Prasad Agarwala

Prithibi Dhuniya Lyrics
Prithibi Dhuniya Lyrics

Prithibi Dhuniya Lyrics:—

পৃথিৱী ধুনীয়া কৰিব লাগিব, …. তই
চকুৰ পানীৰে, বুকুৰ তেজেৰে
কবিতা লিখিছোঁ মই

মোৰ বৈজ্ঞানিক লিখনীডালিত
জুই চিঁয়াহীৰে ভৰা
লিখনীৰ সেই মুখৰপৰা
উফৰি পৰিছে তৰা

কল্পনাযোগী মোৰ মনে আজি
ভাঙিছে পুৰণি ঘৰ
নতুন সৃষ্টিৰ কমাৰ শালত অগ্নি ভয়ঙ্কৰ
ভূমিকম্পক কৰি আনিছোঁ প্ৰধান খনিকৰ ৷

হেৰ’ নতুনৰ পোহৰ পৰা ল’ৰা
হেৰ’ ছোৱালী বুকু সেউজীৰে ভৰা
তোৰ চকুৰ মণিত জ্বলিছে যুগান্তৰ
তোৰ মনলে নামিছে সৌৱা
নতুন দিনৰ
নৱতম খনিকৰ ৷৷