Assamese Lyrics
Hey Janata Lyrics By Jyoti Prasad Agarwala
Song:Hey Janata
Singer:Jyoti Prasad Agarwala
![]() |
| Hey Janata Lyrics |
Hey Janata
হে জনতা
তই প্ৰথমৰ
তই দ্বিতীয়ৰ
তইয়েই শেষৰ
শিল্পী বুলি জানো
সেইহে মোৰ গানৰ ছবি
তোৰ ঘৰলৈ আনো ৷
মোৰ গান শুনি তই নতুন প্ৰাণ পাৱ
মোৰ সুৰৰে তোৰ বেদনাৰ গানটো উচুপি গাৱ
ছন্দত মোৰ জাগে সংঘাত
তাৰেই তই হানি আঘাত
তোক দলি পিহি থোৱা
ভ্ৰান্তিৰে ধূলিসাৎ
ভৱিষ্যলৈ উল্কাবেগে যাৱ
অনাগত মহাজীৱনৰ
প্ৰথম প্ৰকাশ পাৱ ৷
তই শিল্পী দেখিহে
গান বুজি মোৰ
শিল্পী সতে যাৱ নতুনলৈ
তই কবি দেখিহে
গান বুজি মোৰ
সুৰ বুজি মোৰ
সপোন খদি আগবাঢ়িছ
নতুন দিঠকলৈ ৷
তোৰ মাজতেই মোৰেই হওক জয়
মোৰ মাজতে তয়েই জ্বলিছ
জনতা জ্যোতিময়
সুন্দৰ হওক এই পৃথিৱী
মহান হওক এই পৃথিৱী
পৰমানন্দময় ৷৷
