Rohedoi | Bipin Chowdang

Song: Rohedoi oi
Singer: Bipin Chawdang

ৰহেদৈ অ' অ' অ' অ' ৰহেদৈ ৰহেদৈ
সা ৰে গা মা পা সিকিছো ভালেকৈ)

ৰহেদৈ অ' অ' অ' অ' ৰহেদৈ ৰহেদৈ
সা ৰে গা মা পা সিকিছো ভালেকৈ)
এইবাৰ মই গায়ক এইবাৰ মইও গায়ক হ'ম
মা কছম এইবাৰ গায়ক হ'মেই হ'ম
ৰহেদৈ ডাঙৰ গায়ক হ'ম

কাণফুলি পিন্ধি ল'ম টিকনিদাল ৰাখি ল'ম
দুটা ৰঙৰ দুপাত জোতা পিন্ধি ল'ম
ৰহেদৈ ডাঙৰ গায়ক হ'ম

হৰিনাম বৰগীত বিহুনাম বনগীত
এইবিলাক function ত গাই থাকিলে কি হ'ব
অসমীয়া মানুহেই উপলুঙা কৰিব
ঢোল খোল নেগেৰা টোকাৰী দোতাৰা
এইবিলাক function ত বজাই থাকিলে নহ'ব
এইবিলাক বজালেনো কোনে কঁকাল ভাঙিব
rap song গাই দে drum set বজাই দে
দুদিনতে বনি য‍াবি dj dj
ভূপেন হাজৰিকাৰ কালজয়ী গীতবোৰ
বুকুতে লুকুয়াই থম নেগাও নেগাও
মই নেগাও নেগাও
বিষ্ণু জ্যোতি পাৰ্বতিৰ কেচামাতিৰ গীতবোৰ
বুকুতে লুকুয়াই থম নেগাও নেগাও
মই নেগাও নেগাও

এইবাৰ লাভলি ভন্তি গাম
এইবাৰ ব্লিচিং পাউদাৰ গাম
এইবাৰ তপিনা ডাঙৰ চাই বিয়া পাতিবি গাম

ৰহেদৈ অ' অ' অ' অ' ৰহেদৈ ৰহেদৈ
সা ৰে গা মা পা সিকিছো ভালেকৈ

মুগা চোলা চুৰিয়া গুটি ফুলৰ গামোচা
এইবিলাক সাজ পিন্ধি গান গালে নহ'ব
এইবিলাক পিন্ধিলেতো সৰু গায়ক বুলিব
কাণত কাণফুলি পিন্ধিবই লাগিব
ফটা ফটা জিনচ পেণ্ট ক'লা ক'লা চছমা
এইবিলাক নিপিন্ধিলে আজিকালি নহ'ব
ৰঙা ৰঙা পানীটুপি পাৰ' মানে গিলি দে,
rap song গাই দে drum set বজাই দে
দুদিনতে বনি য‍াবি dj dj

আইতাই সিকোৱা সুমধুৰ আই নাম
গাও গাও লাগিব পিচে নেগাও নেগাও
মই নেগাও নেগাও !
মন প্ৰান জুৰুৱা আয়তিৰ বিয়া নাম
গাও গাও লাগিব পিচে নেগাও নেগাও
মই নেগাও নেগাও !

ৰহেদৈ উলংগ দেশতে কাপোৰৰ কিনো সকাম
এইবাৰ বিহুতলিত rap song গাম
এইবাৰ বিহুতলিত pap song গাম
ৰহেদৈ লাখে লাখে টকা পাম
ৰহেদৈ দুদিনৰ পাছতে তোকে বিয়া পাতি অসম এৰি গুচি যাম
ৰহেদৈ অসম এৰি গুচি যাম যাম যাম ...

ৰহেদৈ অ' অ' অ' অ' ৰহেদৈ ৰহেদৈ
সা ৰে গা মা পা সিকিছো ভালেকৈ

অ' কল খাৰ মৌ ৰসৰ আজিকালি কাম নাই
ষ্টেজত গান গাই ডিঙি ফালি লাভ নাই,
pen drive লগাই দে dj বজাই দে
বুট জোতা লৰাই দে acting কৰি দে
ডেকা বুঢ়া সকলোৱে মাৰি দিব dancing
দুদিনতে বনাই দিব তোক অসমৰে honey shing
জানি বুজি বুজি জিৱী চাই থাকা হাঁহি মাৰি
যাওক গ'লে জহন্নামে অসমৰে সংস্কৃতি
যাওক গ'লে জহন্নামে অসমীয়া জাতি
হাই হাই !
ৰহেদৈ অ' অ' অ' অ' ৰহেদৈ ৰহেদৈ
সা ৰে গা মা পা সিকিছো ভালেকৈ ...

Post a Comment

Previous Post Next Post

Contact Form