Haturibo Pari buli Lyrics

Published on November 14, 2020
Haturibo Pari buli Lyrics



Song: Haturibo Pari buli

Singer: Zubeen Garg

Album: Mon Faguni


Haturibo Pari buli Lyrics


সাতুঁৰিব পাৰি বুলি সাগৰ জানো সাতোঁৰে

পাহৰিব পাৰি বুলি মৰম জানো পাহৰে

কাৰোবাৰ কথা শুনি পাহৰি যাবা নে

অতীতৰ দিয়া মৰম দলিয়াই দিবা নে

সেইবুলিয়ে লাগে ভয় অ’ মৰমী  (2X)


AssameseLyrical.com


জিলিকা সকলো বোৰ  সোন হব নোৱাৰে

তৰা বোৰ কেতিয়াও জোন হব নোৱাৰে

এবাৰ পোৱা মৰম যেতিয়া হেৰাই যায়

তাতোকৈ  দুখৰ কথা আন একোয়ে নাই

হিয়া খন  ভাঙি  ছিঙি  যায় ও মৰমী

প্ৰতাৰনা কৰিব নাপাই  (2X)


আশাবোৰ কেতিয়াও শেষ হব নোৱাৰে

ভাল পোৱা মনে সদায় কাষত হে বিচাৰে

জোন বেলি তৰা সদায় উলায়ে থাকিব

তুমি মই নাথাকিলেও ভাল পোৱা থাকিব

সেইয়া বাৰু ভাবিছানে নাই ও মৰমী

সচা মৰম এৰিব নাপাই  (2X)


ধুমুহাই ভঙা   পজা আকৌ সাজিব পাৰি

ভাঙিলে মনৰ আশা যোৰা দিব নোৱাৰি

নাজাই নপোৱাই লাগে দুখৰে ৰাতিবোৰ

ভাবি মই নিশা কতাও অতীতৰ কথাবোৰ

উভতি আহিবানে নাই অ’ মৰমী

মোৰে মন  বুজিবানে নাই   (2X)


উভতি আহিবানে নাই অ’ মৰমী

মোৰে মন বুজিবানে নাই