Monore Podulit Lyrics (মনৰে পদুলিত)

Published on March 10, 2021

Song: Monore Podulit

Singer: Dipu Darshan Sharma

Monore Podulit Lyrics

আবেলি গধূলি মনৰে পদুলিত

তোমাৰে কথায়ে কৰিছে আমনি

অ’ নিশাৰে জোনাকি জ্বলিব জিলিকি

থাকিব আকাশত অৰে জীৱন জুৰি

ৰাতি সপোনতে তুমি আহিছিলা 

তোমাৰ মিঠা পৰশে 

মোক কৰে বলিয়া।

তোমাৰ মিঠা পৰশে 

মোক কৰে বলিয়া।

AssameseLyrical.com

অভিমানী নহ’বা 

অ’ মৰম আতৰি অ’ নাযাবা 

আকোৱালি ৰাখিম অ’ মৰম

তুমিয়ে মোৰ বাসনা

দূৰু দূৰু কঁপে 

হিয়া তোমাকে দেখিলে

মৰমে মোৰ বিচাৰে সদায় কাষৰতে

কলিজাখন জহি খহি যায়

তুমি বাৰু বুজিছানে নাই

সঁচা ভালপোৱা বুজোতাও নাই

মনৰ মৰমেৰে হিয়াৰ কোণতে

তোমাকে ৰাখিছো জনম জনমলে

আকাশে বতাহে তোমাৰ কথাই কলে

তুমি মোৰ নহ’লেও সদায় মই তোমাৰে

 সদায় মই তোমাৰে