Hunguti Song Lyrics

Hunguti Song Lyrics

Hunguti Song Lyrics. The newest Assamese song, Hunguti, has lyrics by Ramen Danah and Priyanka Bharali and music by Ujjwal Aarong. Ramen Danah and Ridip Rankit wrote the lyrics to the song Hunguti.

Hunguti Song Details:

 Song: Hunguti 

Singers: Ramen Danah, Priyanka Bharali 

Musicians: Ujjwal Aarong 

Written by: Ramen Danah, Ridip Rankit

Hunguti Song Lyrics

সোণগুটি সোণালী ধাননি
জিকমিক জিকমিক
মুকুতা নে মণি
লনি মনি ধুনীয়া ছোৱালী
দীপলিপ দীপলিপ
দেৱী নে গোঁসানী
হাঁয় ঐ
হাঁহি দিলে মিচিকিয়াই
ফুল ফুলে কিনো জকেমকাই
লাহি লাহি দেহা ঈশ্বৰে
কেনেকৈনো সজাই
হায় ঐ পদুম
বুকুৰ লাতুম
খুন্দি খুন্দি খুন্দি
খুন্দি মৰম শিলে
কলিজা ৰঙা পেলাই
নৈৰ চেঙেলী গৰা
পথাৰ শুৱনী নৰা
মাইনা তোমাৰ বুকুৰে মণি
মই নে কোনোবা
মৰম ঢালি দিয়া
কোমল হিয়াৰ পৰা
তোমাৰ মোৰে প্ৰেম কাহিনীত
আমিয়েই কৃষ্ণ ৰাধা
আঁচল উৰে বতাহত
পাগল কৰে মন
বুকুত বাঢ়ে মৰমৰে
বাঢ়নি নদীখন
উৰণীয়া বয়সত
হিয়া উচাটন
চাদৰে কেনেকৈ ঢাকো
আপদীয়া যৌৱন
আপদীয়া যৌৱন
কঁহুৱা কোমল দেহাতে
ফুলদানি যৌৱনৰে
অ কলিজা
মোৰ কলিজা
মোলৈকে ৰাখিবা
নজহা-নপমাকে
জান বুলি মাতিবলে
নিদিওঁ তোমাক আনকে
অ কলিজা
মোৰ কলিজা
মোৰ দৰে তোমাক
কোনে ভাল পাব পাৰে

Watch Hunguti Music Video on YouTube

Do you found Any Mistake in Hunguti  Lyrics?, Please Report In Comments Section with Correct Hunguti  Song Lyrics!, view more Assameselyrics.

Leave a Comment