Karkhanar Bonuwa Lyrics By Jyoti Prasad Agarwala

Published on May 26, 2020

Poem: Karkhanar Bonuwa (কাৰখানাৰ বনুৱা)

Writer: Jyoti Prasad Agarwala

Karkhanar Bonuwa Lyrics
Karkhanar Bonuwa Lyrics
কাৰখানাৰ বনুৱা
নতুন দিনৰ ৰণুৱা
নতুন মনৰ মনুৱা মই
জয় হাতুৰিৰ জয়, জয় বটালিৰ জয়

কোৰ কটাৰিৰ জয়
জয় ভাগৰৰ
ভোক পিয়াহৰ জয়   
কপালৰ পৰা ভৰিত পৰা
ঘাম টোপালৰ জয় ৷

কাৰখানাৰ বনুৱা
নতুন দিনৰ ৰণুৱা
নতুন মনৰ মনুৱা মই ৷

মই চলোৱা
ৰেলগাড়ীৰ
মই বনোৱা ট্ৰাক লৰীৰ
জয় বকুৱাৰ হাত-ভৰিৰ
দিনটো খটা আধাপেটিৰ জয় ৷

নতুন গানৰ
নতুন প্ৰাণৰ
নতুন হাঁহিৰ সুন্দৰৰেই, জয়……
হাতুৰিৰে
বটালিৰে
কোৰেৰে, কটাৰিৰে, বিশ্বজিনা আমাৰ মৰমৰে
পাৰমাণবিক, বৈজ্ঞানিকৰ আৱিষ্কাৰৰে
শিল্পী কবিৰ গান ছবিৰে শুদ্ধ জ্ঞানৰে নতুন
যন্ত্ৰ-তন্ত্ৰ-মন্ত্ৰৰে

কৰিম আমি
পৃথিৱী মনোময়
নতুন হাঁহিৰ সুন্দৰৰেই জয় ৷
কাৰখানাৰ বনুৱা
নতুন দিনৰ ৰণুৱা
নতুন মনৰ মনুৱা মই ৷৷