Assamese Lyrics
Moi Bisarisu Hejar Sokut Lyrics | Bhupen Hazarika
Song: Moi Bisarisu Hejar Sokut (মই বিচাৰিছোঁ হেজাৰ চকুত)
Singer: Bhupen Hazarika
![]() |
| Moi Bisarisu Hejar Sokut Lyrics |
Moi Bisarisu Hejar Sokut Lyrics:—-
মই বিচাৰিছোঁ হেজাৰ চকুত
দীপ্ত সূর্য শিখা
এই ভয়াবহ যুগ-সন্ধিৰ
নাশিবলে’ বিভীষিকা
মই বিচাৰিছোঁ হেজাৰ ওঁঠত
তীখা তীক্ষ্ন ভাষা
শীতৰ শেষত ফাগুন অহাৰ
যিহে আনিবই আশা
পুৱতিৰ দৰে প্রতিশ্রুতি
ধৰা সিঁচি যাব জ্যোতিৰেখা
মই বিচাৰিছোঁ হেজাৰ চকুত
দীপ্ত সূর্য শিখা
এই ভয়াবহ যুগ-সন্ধিৰ
নাশিবলে’ বিভীষিকা
মই বিচাৰিছোঁ হেজাৰ চকুত
দীপ্ত সূর্য শিখা
মই বিচাৰিছোঁ অস্থিৰ খোজত
বলিষ্ঠ বিদ্যুত গতি
চেতনাবিহীন নিথৰ স্তব্ধ
যুগক দিবলে’ জ্যোতি
মোক ব্যক্তি লাগে যাৰ হৃদয়তে
জীৱন-তৃষ্ণাই অঁকা
মই বিচাৰিছোঁ হেজাৰ চকুত
দীপ্ত সূর্য শিখা
এই ভয়াবহ যুগ-সন্ধিৰ
নাশিবলে’ বিভীষিকা
মই বিচাৰিছোঁ হেজাৰ চকুত
দীপ্ত সূর্য শিখা
