Tumar Morome Mur Lyrics | Jayanta Hazarika

Published on March 22, 2020
Tumar Morome Mur Lyrics

Song: Tumar Morome Mur (তোমাৰ মৰমে মোৰ)

Singer: Jayanta Hazarika

Tumar Morome Mur Lyrics

Tumar Morome Mur Lyrics:–

তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ
বুকুত দিলেযে মৌ
কি যে মিঠা মিঠা
কেনেকৈ কি যে হৈ গ’ল
কলিটি কুসুমে হ’ল
সুৰভি উপচি গ’ল
কি যে ভাল লগা
ফুলে কয় বতাহক লাহেকৈ এই কি কৰিলা?
বতাহেও সুধিছে ফুলকেই এই কি কৰিলা?
গোপন ফাগুনে যেন লুকাই হাঁহিছে সৌ
খুলি গোপনতা
জিৰিজিৰ্ জিৰিজিৰ্ এধানি সৌ জুৰিটি যে
নীলাকৈ পানীৰে ভৰি গ’ল কোন ছেগতে যে
মৰম নদীতে যেন
নিজকে উতাই দিম
কি যে আকুলতা
কি যে ভাল লগা
তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ