Chuchuk Chamak Koi Lyrics | Bhupen Hazarika & Jayanta Hazarika

Published on March 22, 2020

Song: Chuchuk Chamak Koi (চুচুক্-চামাককৈ)

Singer: Bhupen Hazarika & Jayanta Hazarika

Chuchuk Chamak Koi Lyrics
Chuchuk Chamak Koi Lyrics


Chuchuk Chamak Koi Lyrics:–

অ’ ককাইটি অ’ … ৷
কি হ’ল … কি হ’ল অ’?
চুচুক্-চামাককৈ দীপালীজনীয়ে কিয়
মোৰ পিনে ৰ’ লাগিচায়?

ভাইটি, তই বুজিকে পোৱাহে নাই ৷
ভাইটি, তাই বোধ হয় তোকেই ভাল পায়!

সৌ কৰৱীজনীয়ে কিয় মৰমী চাৱনিৰে
খিৰিকীমুখত থিয় হয়?

ভাইটি এইয়া প্রথম প্রমৰে পৰিচয় ৷
ভাইটি এইয়া মৰম বোটলাৰ সময় ৷

পিচে দীপালী কৰৱীকে
দীপক বৰুৱাৰ সতে
মিলা দেখি কিবা ভাৱ হয়!

অ’ তেনে ভীষন কথা হ’ল ভাই
তেনে মোৰ উপদেশ দিবলৈ নাই
তহঁতৰ বয়স ৰঙীন সৰস
বুজিও নুবুজ একো ৷

যেনিয়ে চকু যায়, তেনিয়ে থমকি ৰয়
নেচাবৰ মন নাই কাকো ৷

আৰু লিপিকা দেৱীয়ে কিয়
নীলা নীলা চিঠিৰে
বহু বহু মিঠা কথা কয়?

ভাইটি, তোৰ সমান আৰু অঁকৰা নাই
শুনিছোঁ বহুতলে চিঠি লিখে তাই

আৰু সৌজনী অঞ্জনা হংস খোজেৰে দেখোঁ
মোৰ পিনে আহে আগুৱাই!

ভাইটি, তই সাৱধান হোৱা কিয় নাই?
বহুতে কয় বহুতকে ভাল পায় তাই ৷

সাৱধান কৰি দিছোঁ কিন্তু .
সৌৱা মিচিক-মাচাক্ কৈ
হাঁহি হাঁহি চম্পাই
মিঠাকৈ কিয় গীত গায়?

কাইটি তয়ো দেখোঁ বুজি পোৱা নাই ৷
বুজিছোঁ গাইছে তোকেই শুনাই ৷
কাইটি তয়ো গীতৰে ভাষা বুজা নাই
বুজিছো গীতৰ বাহিৰে একো নাই ৷