Bhupen Hazarika
Buku Ham Ham Kare | বুকু হম হম কৰে | Lyrics In Assamese | Bhupen Hazarika
Song: Buku Ham Ham Kare (বুকু হম হম কৰে)
Singer: Bhupen Hazarika
![]() |
| Buku Ham Ham Kare |
Buku Ham Ham Kare Lyrics In Assamese:—–
বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই,
পুত্ৰ হৈ মই কিমতে তৰো
আই তোৰে হৈ মই মৰো,
বুকু হম হম কৰে মোৰ আই…
দেশৰে চন্দ্ৰমা…
কাল এন্ধাৰে আৱৰে,
অগনি কালিকা…
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে চৰে,
বুকু হম হম কৰে মোৰ আই…
বজ্ৰসমদৃঢ় আই চৌপাখৰে গড়,
চৌপাখৰে গড় ভেদী
কিঞ্চিতো নাই পথ…
যাতিম সান্তনা
আই মুক্তিৰ প্ৰভাতেৰে,
থাপিম থাপনা
আই শোনিত ত্যাগেৰে,
বুকু হম হম কৰে মোৰ আই
কোনে নিদ্ৰা হৰে মোৰ আই,
পুত্ৰ হৈ মই কিমতে তৰো
আই তোৰে হৈ মই মৰো,
বুকু হম হম কৰে মোৰ আই…
