Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyrics | Bhupen Hazarika

Published on February 7, 2020

Song: Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে)

Singer: Bhupen Hazarika 


Rim Jhim Borokhune (ৰিম্ ঝিম্ বৰষুণে) – Lyric:–

ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে

নেপুৰ বজাই ক’ত ক’ত,

গিৰ্ গিৰ্ ডাৱৰেনো

মাদল বজাই ক’ত

এই অসম দেশত

অসম দেশত….

হে মাইহাং বাতিত খোৱাৰ পানী

যাচে কোনে ক’ত,

কাৰ পদূলিৰ কেতেকীনো

মলে মলাই ক’ত

এই অসম দেশত

অসম দেশত………

এধানি এধানি নৈ

সাগৰ হয় ক’ত, ক’ত,

সাগৰকো ভয় নকৰেনো কোনে ক’ত

এই অসম দেশত

অসম দেশত….

আইৰে চকুৰে মুকুতানো সৰে ক’ত

সেই মুকুতাৰে মণি পিন্ধি

সাহ পাওঁ ক’ত,

মোৰ দেউতাৰে কপালৰে

ঘাম সৰে ক’ত,

সেই ঘাম দেখি

মৰো যেনে লাগে মোৰ ক’ত

অ’ মোৰ অসম দেশত….

মোৰ কলিজাৰে সুৰবোৰ

বুজে কোনে ক’ত,

ন-পুৰুষে দেশৰ সকে

তেজ দিয়ে ক’ত,

আনে কৰা উপলুঙাক

উফৰাইনো ক’ত

এই মোৰ অসম দেশত,

অ’ ৰিম্ ঝিম্ ৰিম্ ঝিম্ বৰষুণে

নেপুৰ বজাই ক’ত ক’ত,

গিৰ্ গিৰ্ ডাৱৰেনো

মাদল বজাই ক’ত

এই অসম দেশত

অসম দেশত……..

এই অসম দেশত

অসম দেশত…….